ডিজিটেল পৰিৱেশ তন্ত্ৰ
যদি আমি শিকিব বিচাৰো বা শিকো তেন্তে আমি যিকোনো বিষয় শিকিব পাৰো। যিহেতু সময়ৰ লগত খোজ দিবলৈ আমি শিকিবই লাগিব।
ডিজিটেল মাৰ্কেটিঙৰ জৰিয়তে আমি একাধিক আয়ৰ পথ সৃষ্টি কৰি লব পাৰো। আমি ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ সহায়ত আমাৰ ব্যৱসায় বৃদ্ধি কৰিব পাৰো আৰু ডিজিটেল মাৰ্কেটিংৰ নেতৃত্ব দিবলৈ এটা পথ মুকলি কৰিব লব পাৰো।
যিহেতু অসমীয়াত পৰ্যাপ্ত পৰিমাণে Website নাই, গতিকে অসমীয়া ভাষাত Website সৃষ্টি কৰিলে আমাৰ নিজৰো আয় বৃদ্ধি হোৱাৰ লগতে অসমীয়া ভাষাক সেৱা কৰা হব।অসমীয়াত আমি বিচৰা সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ হলে অসমীয়াত পৰ্যাপ্ত পৰিমাণে Website বনাবই লাগিব।যদি Googleৰ পৰা অসমীয়াত লিখি যিকোনো প্ৰশ্নৰ উত্তৰ জানিবলৈ বিচাৰো, উত্তৰবিলাক অসমীয়াৰ পৰিবৰ্ত্তে অসমীয়াৰ ওচৰা ওচৰি আন এটা ভাষাতহে আহিবলৈ ধৰে,কিয়নো অসমীয়াত চাহিদা অনুসৰি Website নাই। উত্তৰবিলাকনো গুগুলে কৰ পৰা আনি দিব।
তাৰোপৰি দেখা গৈছে যে সম্ভাৱ্য গ্ৰাহকসকলে ঘণ্টাৰ পিছত ঘণ্টা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম অধ্যয়ন কৰে আৰু যিহেতুকে এই মিডিয়াৰ দ্বাৰা আমাক বিশ্লেষণ কৰিবলৈ একেবাৰেই সহজ ।গতিকে আমিও আমাৰ ব্যক্তিগত গ্ৰাহক গঢ়ি তুলিব পাৰো আৰু আমাৰ আয়ৰ একাধিক পথ সৃষ্টিৰ বাবে এটা ডিজিটেল প্লেটফৰ্ম নিৰ্মাণ কৰিব পাৰো।
ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ব্যৱহাৰ কৰি আমি আমাৰ সম্ভাৱ্য গ্ৰাহকক আমাৰ আয়ৰ একাধিক উৎস হিচাপে ব্যৱহাৰ কৰিব পৰাটোৱেই হল ডিজিটেল মাৰ্কেটিংৰ এক প্ৰকাৰৰ কলা।
বৰ্তমান সময়ত ডিজিটেল মাৰ্কেটিঙৰ উচ্চ প্ৰতিযোগিতা হৈছে। যিহেতু পৰিৱৰ্তনক সকলোৱে স্বীকাৰ কৰি লবই লাগিব।
ডিজিটেল মাৰ্কেটিং ট্ৰেণ্ডছ
ডিজিটেল মাৰ্কেটৰ গতিশীল আৰু ই এটা টেণ্ডিং উদ্যোগ।যিহেতু ডিজিটেল বিপণন বা ডিজিটেল মাৰ্কেটিঙ হল প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল এক উদ্যোগ। এই নিৰ্ভৰশীলতাই কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) ব্যৱহাৰ কৰি আমাৰ আয় বৃদ্ধিত অধিক ইন্ধন যোগাবলৈ সহজ হব।
কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)
কৃত্ৰিম বুদ্ধিমত্তাৰে অধিক প্ৰয়োগৰ বাবে বিশ্বত প্ৰতি দিনে লাখ লাখ মানুহে চাকৰি হেৰুৱাবলৈ ধৰিছে।সেয়ে কৃত্ৰিম বুদ্ধিমত্তা (AI) আমাৰ মানৱ জাতিৰ বাবে ভয়ৰ কাৰণ যাতে হব নোৱাৰে তাৰবাবে কৃত্ৰিম বুদ্ধিমত্তাক (AI) যিমানলৈ সম্ভৱ আমি ব্যৱহাৰ কৰিব লাগে। কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আমি এনেদৰেই কৰিব লাগে যাতে , কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ মানৱ জাতিক ব্যৱহাৰ কৰিব নোৱাৰে।
শেষত আমি ক’ব পাৰো যে ডিজিটেল মাৰ্কেটিঙৰ প্ৰতিটো উপাদান ইটোৱে সিটোৰ লগত সংযুক্ত।
আমাৰ আয়ৰ একাধিক উৎস পাবলৈ আমি সফলতাৰে আমাৰ ডিজিটেল পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিব লব পাৰো।