গৃহিণীসকলৰ বাবে ডিজিটেল বিপণনৰ লাভজনক জগতখন আৱিষ্কাৰ কৰক

গৃহিণী হিচাপে ডিজিটেল বিপণনৰ লুকাই থকা সম্ভাৱনা উলিয়াই আনক।গৃহিণীসকলে ডিজিটেল বিপণন আকোৱালি লোৱাৰ  কাৰণ হিচাপে ঘৰৰ সম্পুৰ্ণ  দায়িত্ব পালন কৰিও নিজৰ কেৰিয়াৰ আৰু আয় সকলো বজাই ৰাখিব পৰাটোকেই কব পাৰো।

   ঘৰতে থকা মাতৃৰ বাবে, গৃহিণীৰ বাবে  ডিজিটেল বিপণনৰ সুযোগৰ দৰে বিষয় সমুহ খোলাকৈ আলোচনা কৰাটো এটা অতিকৈ প্ৰয়োজনীয় বিষয় বুলি ভাবো। কিয়নো বৰ্তমান Easy Money ৰ আশাত বহুজন সৰ্বস্বান্ত হোৱাৰ লগতে বহুজন হবলৈ গৈ আছে।

বৰ্তমান সময়ত  মুল্যবৃদ্ধিৰ লগতে ভয়ানক নিবনুৱা সমস্য়াৰ লগতে অগনন আৰ্থিক সমস্য়াই গ্ৰাস কৰি অনা সমাজখনত গৃহিণীৰ বাবে কিয় ডিজিটেল বিপণন প্ৰয়োজন হৈ পৰিছে, সেইয়া নিশ্চয়কৈ সকলোৱে বুজি উঠিছে। আনহাতে অল্পবিদ্য়াৰে কিচুৱে  সামাজিক মাধ্য়ম চাব নোৱাৰাকৈ কলুষিত কৰিব ধৰিছে।

ঘৰৰ পৰাই গৃহিণী হিচাপে এটা সমৃদ্ধিশালী ডিজিটেল বিপণন ব্যৱসায় গঢ়ি তোলাৰ সময় সমাগত

গৃহিণীৰ বাবে ডিজিটেল মাৰ্কেটিং ব্যৱসায়িক ধাৰণাটো আমাৰ বাবে নতুন যদিও অতি সোনকালেই শিকি লোবাটো অত্য়ন্ত গুৰুত্বপূৰ্ণ। গোলকীকৰণৰ আন আন সুবিধাসমুহ আমি লৈছো মানে খৰছ কৰিছো, কিন্তু আয় কেনেকৈ কৰিম নাজানো।এই বিষয়টোৰ চৰ্চা বহুলভাবে হব লাগিছিল। গৃহিণীৰ বাবে ডিজিটেল মাৰ্কেটিং মানে কাৰোবাক ঠগি কোনোবা ধনী হোৱাতো নহয়। নিজৰ সময় উলিয়াই আনৰ সমস্য়া সমাধান কৰি দি নিজৰ আয় বৃদ্ধি কৰাটোহে ডিজিটেল মাৰ্কেটিং।

অত্যাৱশ্যকীয় ডিজিটেল বিপণন দক্ষতা গৃহিণীসকলে সহজেই আয়ত্ত কৰিব পাৰে।  মহিলাসকলে নিজৰ চৰ্তত কাম কৰাৰ এই সুৱৰ্ণ সুযোগ গ্ৰহণ কৰিব জানিলে সুন্দৰকৈ ঘৰ ও লৰাছোৱালীৰ দায়িত্ব পালন কৰিও নিজৰ কেৰিয়াৰ আৰু আয় সকলো বজাই ৰাখিব পাৰিব বুলি মই ভাবো।

গৃহিণীৰ বাবে ডিজিটেল বিপণন দক্ষতা, গৃহিণীৰ বাবে ডিজিটেল বিপণন প্ৰশিক্ষণ, গৃহিণীৰ বাবে ডিজিটেল বিপণন পাঠ্যক্ৰম, গৃহিণীৰ বাবে ডিজিটেল বিপণন বিশেষজ্ঞতা আদি আজিৰ ডিজিটেল যুগত সকলোৰে বাবে সহজলভ্য়। গতিকে আহক আমি সকলোৱেই অকনমান কষ্ট কৰো। যিহেতু Content য়েই হল ইণ্টাৰনেটৰ Currency । আমি কিন্তু   ইণ্টাৰনেটত কেৱল টকাই খৰছ কৰি থকা নাই, আমাৰ মহামূল্য়বান সময়খিনিও খৰছ কৰি আছো। প্ৰশ্নটো আপোনালোকলৈ এৰিলো – ইণ্টাৰনেটত বিষয়বস্তু উপভোগ ( content consumption) কৰিবনে, বিষয়বস্তু সৃষ্টি ( content creation) কৰিব ?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top